কাৰ্বি আংলংৰ হত্যা – মোৰ আবেগিক লেখনি!

ভবা নাছিলোঁ যে এটা জঘন্য সন্দেহে আমাৰ মাতৃভূমিক এনেকৈ বিভাজিত কৰি দিব।

তেজপুৰৰ পৰা আহি আছিলোঁ যেতিয়া এইটো খবৰ পঢ়িলো। পঢ়াৰ লগে-লগে থকমক খাই ৰৈ দিলো।

ঘৰ আহি যেতিয়া খবৰটো মন দি পঢ়িলোঁ, গোটেই গা চেঁচা হৈ গল অলপ পৰৰ বাবে। সোপাধৰা বুলি যে দুজন দাদাক মৃত্যুৰ মুখলৈ গতিয়াই দিব, এই কথাটো সঁচা হোৱা চৰ্তেও ডিঙিৰ তলত নিবলৈ নোবাৰিলো। লাহে-লাহে TVত আৰু Social Mediaত এই দুঃখিত খবৰটো বিশেষভাৱে চালোঁ।

অলপ পৰ পাছত হে কেইটামান কথাই হৃদয় ভেদি দিলে। তাৰ ভিতৰত জোনটো কথাই সবাতোকৈ বেছি ভেদিলে সেইটো আছিল যে চিঞৰি-চিঞৰি কোৱাৰ পিছতো, প্ৰমাণ দিয়াৰ পিছতো দুজন মানুহৰ মৃত্যু হয়। নিজৰ মাতিতে প্ৰাকৃতিক সৌন্দৰ্য চাবলৈ গৈ মৃত্যুৰ মূখ হে দেখিলে।

অলপ পিছত গম পালোঁ যে তাৰে এজন শিল্পী আছিল। মই ও এটা শিল্পী। গান গাইছো, বিভিন্ন ধৰনৰ বাদন বজাওঁ। ২০০৫ চনৰ পৰাই কৰি আছোঁ। গৰ্ব কৰি কব পাৰোঁ যে বহুতৰে মুখত মোৰ গান আৰু কলাই একোটা-একোটা ধুনীয়া হাঁহি আনিবলৈ সক্ষম হৈছে। তাৰ পিছত যেতিয়া এনেকুৱা বাতৰি শুনা হয়, মনত ভাব আহে যে, শিল্পী হয় জানো কিবা কৰিছোঁ? সে দুইজনে নিজৰ শিল্পী হোৱাৰ পৰিচয় দিবই নোৱাৰিলে। বিশ্বাস আছিল যে এজন শিল্পীৰ জীৱন বহুত দীঘলীয়া, কিন্তু এই ঘটনাই মোক এইটো ভাবিবলৈ বাধ্য কৰে যে, এজন শিল্পীৰ জীৱনটো এনেকৈ শেষ হৈ যাব পাৰে, যে জেগাই-জেগাই নিজৰ প্ৰতিভাৰ পৰিবেশন কৰা পিছতো যে এনেই মৃত্যুৰ মুখত যাব।

মই কোনো কাৰ্বি মানুহক মাৰিবলৈ নেজাওঁ, কাৰণ মোৰ ঘৰত মই তেনে শিক্ষা পোৱা নাই। মই য’ত থাকো, তাত কাৰ্বি মানুহক দেখা হৈ থাকে। চিনাকি ও হৈছোঁ, সিহঁতৰ লগত ফুটবল ও খেলিছো। কিন্তু ডাঙৰ পাৰ্থক্য এইটো যে সিহঁত বহুত ভদ্ৰ। মাত দিলে মাত দিয়ে, ভালকৈ কথা পাতে। কোৱা যায় যে এজন মানুহৰ আচল ৰূপ-ৰং গম পাবলৈ তাৰ লগত কিবা এটা Sport বা Game খেলিলেই হৈ যায়।

মই মাথোঁ কেইটামান প্ৰশ্ন হে কৰিব খোজোঁ, এজন অসমীয়া হিচাপে, এজন ভাৰতীয় হিচাপে, এজন সামাজিক মানুহ হিচাপে।

পুলিচে কোৱা মতে দুয়ো দাদাক ৰাতি ৮:৩০ মানত ঘেৰি লৈছিল। যদি এইটো কথা বিশ্বাস কৰিব পাৰি যে কাৰ্বি আংলং গলে তাৰ পৰা এন্ধাৰ হোৱা আগতে ওলাই আহিব লাগে আৰু যে এই কথাটো সকলোৰে জ্ঞাত, তেনে হলে তাৰ কোনো স্থানীয় মানুহে সিহঁতক তাতেই কৰবাত থাকিবলৈ কিয় কব নোৱাৰিলে? News18ৰ websiteত পঢ়িছোঁ যে তাৰেই কোনোবা মানুহে চিঞৰি দিলে যে সিহঁত সোপাধৰা বুলি। যদি এইটো হ’ল তেনেহলে সেইটো কিয় নহল?

দ্বিতীয় প্ৰশ্ন…

ধৰি লোৱা যাওক যে সিহঁত যেনিবা সোপাধৰা আছিল। কিন্তু, এইটো স্থানীয় ৰাইজক কোনে অধিকাৰ দিলে যে সন্দেহৰ বলত ভবা অপৰাধীক পালেই সিহঁতক মৃত্যুৰ মুখলৈ গতিয়াই দিব? কোনে সিহঁতক শিক্ষা দিছিল যে নাগৰিকত্বৰ প্ৰমাণ দিয়াৰ পাছতো এটা উৰা বাতৰি কাৰণে মানুহ কেইজনক মাৰিই পেলাব? জোনে এই জঘন্য অপৰাধ কৰিবলৈ সাহস কৰিলে, সিহঁতৰ মুৰত এই কথাটো কিয় নাহিল যে সন্দেহৰ বলত ধৰা অপৰাধীক পুলিচৰ হাতত হে দিয়ে? অপৰাধীক পিতক, ৰছী দি বান্ধি থ‌ওক, কিন্তু তাক মাৰি পেলোৱা কথাটো হে আহিব পালে নে আপোনাৰ খোলাটোত?

মই কেইবাবাৰো অপৰাধীক পাব্লিক পিতন খোৱা দেখিছোঁ। এই যোৱা সপ্তাহতে এটা পকেতমাৰ ধৰা পৰিল। তাক ঘেৰি প্ৰশ্ন কৰিছে, অলপ মাৰিছে, কাণত ধৰাই, আঁঠু কঢ়িয়াই গোটেই trainত ঘুৰাই অলপ পিছত লাহেকৈ পুলিচৰ হাতত দি দিলে। এইটো পৰিস্থিতিত এটা পকি যোৱা চোৰ আছিল। তেনেহলে কিয় ভাবিব নোৱাৰিলে অপৰাধ কৰা কিতাই যে ইহঁতক পুলিচৰ হাতত দিয়া হ’লে বেছি ভাল আছিল?

তাৰ পিছত এটা খবৰ শুনিবলৈ পালোঁ, যিটোৱে মুৰত এটা বিষ হে দিলে। কাৰ্বি আংলংৰ কোনোবাই কৈছে যে সিহঁতে পুলিচক জনাই হে যাব লাগিছিল।

মহোদয়, আপুনি অলপ হ’লেও ভাবিছে নে যে আপোনাৰ এই কথাটোৱে আচলতে কি কি ভয় আৰু দুখ লগা কথা কৈছে? মহোদয়, আপুনি এই কথাটো ভাবিছে নে নাই যে এতিয়া আমি সকলোৱে ভাবিম যে কাৰ্বি আংলংৰ দুষ্টলোকে প্ৰশাসনক ভয়াতুৰ কৰি তুলিছে? যদি আমি নিজৰ মাটিতে কৰবাত ফুৰিবলৈ হ’লে প্ৰশাসনক জাননী দিবলগীয়া হয়, তেনেহলে যে প্ৰশাসনৰ গাত যে দম নাই বুলি যে ভবা হব, এই কথাটো ভাবিছে নে নাই? আপোনাৰ এই বাক্যই যে অসমৰ মানুহক picnicৰ নাম শুনিলেই যে ভয় খোৱাব, সেইটো কথা ভাবিছে নে নাই? আৰু, যদি আপুনি গমেই পাইছিল যে কাৰ্বি আংলংত উত্তেজিত মানুহৰ বাবে পৰ্যাপ্ত পুলিচ কৰ্মী নাছিল, তেনেহলে আপুনি চৰকাৰক গোচৰ দিব লাগিছিল এই বিষয়ে! হয়তো যদি আজি অলপ বেছিকৈ পুলিচ কৰ্মী থকা হ’লে সিহঁতৰ প্ৰাণ বচাব পৰা গ’ল হেতেন।

এই ঘৃণিত নৰহত্যাৰ পিছত মোৰ চকুত এটা ভয়াবহ দৃশ্য হে আহিছে।

এই ঘটনাৰ পিছদিনা ভাবিলোঁ যে অকনমান ঘৰৰ পৰা ওলাই যাওঁ, বেলেগৰ মতামত শুনো, কি কৰাতো উচিত আলোচনা কৰো। ঘৰৰ পৰা ওলাইছোঁ হে, প্ৰথম কথা শুনা পাওঁ যে আমাৰ এলেকাৰ পৰা কাৰ্বি মানুহ ৰাতিপুৱা হোৱাৰ আগতেই ঘৰ এৰি গুছি গ’ল। আকৌ শুনা পাওঁ, এতিয়া কাৰ্বি মানুহক মাৰিছে, কৰবাত বোলে curfew লাগিছে। ইঙ্গিত পাইছে নে, যে এতিয়া নিজৰ ঘৰত থাকি ভয় লাগে, যে কোনোবা আহি এনেই সন্দেহৰ বলত মাৰি থৈ গুছি যাব… কোনোবাই সোপাধৰা বুলি, কোনোবাই কাৰ্বি বুলি, কোনোবাই বেলেগ কিবা বুলি। ইংৰাজী ভাষাত ক’ব গ’লে, communal war|এই হত্যাকাণ্ড‌ই যতে-ততে যুদ্ধ কৰিবলগীয়া পৰিস্থিতি কৰি তুলিছে।

ইয়াতকৈ দুখ লগা কথা ছাগৈ এইটো যে বেলেগ ৰাজ্যৰ পৰাও অহা মানুহ এতিয়া আৰু সুৰক্ষিত নহয়। কবলৈ লাজ লাগে, কিন্তু এতিয়া সকলো ৰাজ্যৰ মানুহে, নহয়‍… সকলো দেশে এতিয়া এইটো হে ভাবিব যে ভাৰতৰ উত্তৰ- পু্ৰ্বাঞ্চলত বিনা কাৰণত, অনায়াসে হত্যা হে হয়।

এটা কথা কিন্তু ঠিক – ভুগিব অসমৰ মানুহ হে।

মই এটা কথাত বিশ্বাস কৰোঁ, যে কাৰ্বি আংলংত সকলো মানুহ অসভ্য নহয়। এটাই আহ্বান জনাইছোঁ, এজন শিল্পী হিচাপে, এজন অসমীয়া হিচাপে, যে সকলো অসমীয়া… হয়, সকলো অসমীয়াই আগ বাঢ়ো আৰু এই মানুহৰ ভেষ ধৰি থকা শিয়াল বোৰক আইনমতে কঠোৰ দিয়াৰ বাবে এটি সজাগ ধৌ ‌হয় উঠোঁ।

মনত ৰাখিব, যে আমি অলপ আগ বাঢ়িবলৈ পাৰিলে, অকল আমাৰ নিজৰ দেশেই নহয়, ৰাছিয়া নিচিনা দেশো আমাৰ লগত থিয় হ’ব!

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

A WordPress.com Website.

Up ↑

%d bloggers like this: